ছূৰা 17 · জুজ 15
Al-Isra · 17:31
وَلَا تَقْتُلُوا أَوْلَادَكُمْ خَشْيَةَ إِمْلَاقٍ ۖ نَحْنُ نَرْزُقُهُمْ وَإِيَّاكُمْ ۚ إِنَّ قَتْلَهُمْ كَانَ خِطْئًا كَبِيرًا
অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।
তাফছীৰ
তোমালোকে নিজৰ সন্তান-সন্ততিক এই ভয়ত হত্যা নকৰিবা যে, সিহঁতৰ প্ৰতি ব্যয় কৰিলে তোমালোকে দৰিদ্ৰ হৈ পৰিবা। এনেকুৱা ধাৰণা একেবাৰে ভুল। সিহঁতক জীৱিকা দিয়াৰ দায়িত্ব হৈছে আমাৰ আৰু তোমালোককো আমিয়েই জীৱিকা দিওঁ। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। কিয়নো সিহঁত অপৰাধীও নহয় আৰু এনেকুৱা কোনো অপৰাধও কৰা নাই, যাৰ ফলত সিহঁতক হত্যা কৰা উচিত হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক