ছূৰা 17 · জুজ 15
Al-Isra · 17:30
إِنَّ رَبَّكَ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ إِنَّهُ كَانَ بِعِبَادِهِ خَبِيرًا بَصِيرًا
নিশ্চয় তোমাৰ ৰব যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে; নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক পৰিজ্ঞাত, সৰ্বদ্ৰষ্টা।
তাফছীৰ
নিশ্চয় আপোনাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে জীৱিকাৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে যাক ইচ্ছা কৰে তেওঁৰ সঠিক হিকমত অনুযায়ী সংকীৰ্ণতা প্ৰদান কৰে। নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ তথা সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। সেয়ে, সিহঁতৰ বিষয়ে যেনেকৈ ইচ্ছা কৰে সেইদৰে সিদ্ধান্ত লয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক