ছূৰা 17 · জুজ 15
Al-Isra · 17:29
وَلَا تَجْعَلْ يَدَكَ مَغْلُولَةً إِلَىٰ عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُومًا مَحْسُورًا
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা, এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
তাফছীৰ
তোমালোকে ব্যয় কৰাত কৃপণালী নকৰিবা, আৰু অপব্যয়ও নকৰিবা। যদি তুমি কৃপণালী কৰা তেন্তে মানুহে তোমাক কৃপণ বুলি ভৰ্ৎসনা কৰিব, আৰু যদি অপব্যয় কৰা তেন্তে এটা সময়ত তোমাৰ ওচৰত একো নাথাকিব ব্যয় কৰিবলৈ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক