ছূৰা 17 · জুজ 15
Al-Isra · 17:28
وَإِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَاءَ رَحْمَةٍ مِنْ رَبِّكَ تَرْجُوهَا فَقُلْ لَهُمْ قَوْلًا مَيْسُورًا
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয়, তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা কবা।
তাফছীৰ
যদি তুমি তেওঁলোকক একো দিব নোৱাৰা, কাৰণ দিব পৰা তোমাৰ ওচৰত যদি একো নাথাকে, আৰু তুমি অপেক্ষাত আছা যে, আল্লাহে তোমাৰ বাবে জীৱিকাৰ কোনো পথ মুকলাই দিব, সেই পৰিস্থিতিতো তুমি তেওঁলোকৰ সৈতে বিনম্ৰভাৱে কথা ক'বা। উদাহৰণস্বৰূপে তেওঁলোকৰ বাবে জীৱিকাৰ প্ৰশস্ততাৰ দুআ কৰা অথবা আল্লাহৰ ফালৰ পৰা জীৱিকাৰ কোনো উপায় পোৱাৰ পিছত প্ৰদান কৰিবা বুলি প্ৰতিশ্ৰুতি দিয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক