ছূৰা 17 · জুজ 15

Al-Isra · 17:16

وَإِذَا أَرَدْنَا أَنْ نُهْلِكَ قَرْيَةً أَمَرْنَا مُتْرَفِيهَا فَفَسَقُوا فِيهَا فَحَقَّ عَلَيْهَا الْقَوْلُ فَدَمَّرْنَاهَا تَدْمِيرًا

আৰু আমি যেতিয়া কোনো জনপদক ধ্বংস কৰিব বিচাৰো তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক (সৎকৰ্মৰ) আদেশ কৰো; কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে; তাৰ পিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।

তাফছীৰ

যেতিয়া আমি কোনো জনবসতিক সিহঁতৰ অত্যাচাৰৰ কাৰণে বিনাশ কৰিব বিচাৰো, তেতিয়া আমি সিহঁতক ইবাদতৰ আদেশ দিওঁ, যিসকলক বিভিন্ন নিয়ামতে অংকাৰী কৰি তুলিছে। ফলত সিহঁতে আদেশ পালন কৰাৰ পৰিবৰ্তে অবাধ্যতা কৰি সীমালংঘন কৰিবলৈ ধৰে। যাৰ ফলত সিহঁত শাস্তিৰ সন্মুখীন হয়, আৰু আমিও সিহঁতক পৰিপূৰ্ণ ধ্বংস কৰি দিওঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক