ছূৰা 17 · জুজ 15

Al-Isra · 17:15

مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا

যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু আমি ৰাছুল প্ৰেৰণ নকৰা লৈকে শাস্তি প্ৰদানকাৰী নহয়।

তাফছীৰ

যিয়ে হিদায়তপ্ৰাপ্ত হৈ ঈমানৰ পথত পৰিচালিত হৈছে, হিদায়তৰ প্ৰতিদান সিয়েই লাভ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হৈছে, পথভ্ৰষ্টতাৰ শাস্তিও সিয়েই ভোগ কৰিব। কোনো প্ৰাণীয়েই আন প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। আমি কোনো সম্প্ৰদায়কেই সেই সময় পৰ্যন্ত শাস্তি নিদিওঁ যেতিয়ালৈকে সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ বিপক্ষে প্ৰমাণ সাব্যস্ত নকৰোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক