ছূৰা 17 · জুজ 15

Al-Isra · 17:17

وَكَمْ أَهْلَكْنَا مِنَ الْقُرُونِ مِنْ بَعْدِ نُوحٍ ۗ وَكَفَىٰ بِرَبِّكَ بِذُنُوبِ عِبَادِهِ خَبِيرًا بَصِيرًا

আৰু নূহৰ পিছত আমি বহু প্ৰজন্মক ধ্বংস কৰিছো আৰু তোমাৰ প্ৰতিপালকেই নিজ বান্দাসকলৰ পাপকৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।

তাফছীৰ

নূহ আলাইহিচ্ছালামৰ পিছত আমি বহুতো জাতিক ধ্বংস কৰিছো, যেনেঃ আদ আৰু ছামূদ জাতি। হে ৰাছুল! বান্দাসকলৰ গুনাহৰ খবৰ ৰাখিবলৈ আৰু সিহঁতৰ চোৱাচিতা কৰিবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট। তেওঁৰ পৰা কোনো বস্তুৱেই গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক