ছূৰা 17 · জুজ 15

Al-Isra · 17:105

وَبِالْحَقِّ أَنْزَلْنَاهُ وَبِالْحَقِّ نَزَلَ ۗ وَمَا أَرْسَلْنَاكَ إِلَّا مُبَشِّرًا وَنَذِيرًا

আৰু আমি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছো আৰু ই সত্য সহকাৰেই অৱতীৰ্ণ হৈছে। আমি কেৱল তোমাক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছো।

তাফছীৰ

সত্যৰ সৈতে এই কোৰআন আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰিছো। কোনো পৰিবৰ্তন আৰু বিকৃত নোহোৱাকৈ সত্যৰ সৈতে আমি তেওঁৰ ওপৰত অৱতীৰ্ণ কৰিছো। হে ৰাছুল! মুত্ত্বাক্বীসকলক জান্নাতৰ সুসংবাদ দিবলৈ আৰু কাফিৰ তথা পাপিষ্ঠসকলক জাহান্নামৰ পৰা সাৱধান কৰিবলৈ আমি আপোনাক প্ৰেৰণ কৰিছো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক