ছূৰা 17 · জুজ 15
Al-Isra · 17:103
فَأَرَادَ أَنْ يَسْتَفِزَّهُمْ مِنَ الْأَرْضِ فَأَغْرَقْنَاهُ وَمَنْ مَعَهُ جَمِيعًا
অৱশেষত ফিৰআউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে; তেতিয়া আমি তাক আৰু তাৰ সঙ্গীসকলৰ আটাইকে ডুবাই মাৰিলো।
তাফছীৰ
এতেকে ফিৰআউনে মুছা আলাইহিচ্ছালামক আৰু তেওঁৰ সম্প্ৰদায়ক মিচৰৰ পৰা উলিয়াই শাস্তি প্ৰদান কৰাৰ বাবে মনস্থ কৰিলে। সেয়ে আমিও ফিৰআউনক আৰু তাৰ লগত থকা সৈন্যবাহিনীক একেলগে ডুবাই মাৰিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক