ছূৰা 17 · জুজ 15

Al-Isra · 17:102

قَالَ لَقَدْ عَلِمْتَ مَا أَنْزَلَ هَٰؤُلَاءِ إِلَّا رَبُّ السَّمَاوَاتِ وَالْأَرْضِ بَصَائِرَ وَإِنِّي لَأَظُنُّكَ يَا فِرْعَوْنُ مَثْبُورًا

মুছাই ক’লে, ‘তুমি অৱশ্যে জানা যে, এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে—প্ৰত্যক্ষ্য প্ৰমাণস্বৰূপে। ‘হে ফিৰআউন! মোৰ মতে তুমি এজন ধ্বংসপ্ৰাপ্ত’।

তাফছীৰ

মুছাই তাক উত্তৰ দি ক'লেঃ হে ফিৰআউন! নিশ্চিতভাৱে তুমি পতিয়ন গৈছা যে, এইবোৰ একমাত্ৰ আল্লাহ তাআলাই অৱতীৰ্ণ কৰিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক। তেওঁ নিজৰ ক্ষমতা আৰু ৰাছুলৰ সত্যতা প্ৰমাণ কৰিবলৈ এইবোৰ অৱতীৰ্ণ কৰিছে। তথাপিও তুমি এইবোৰক অস্বীকাৰ কৰি আছা। হে ফিৰআউন! মই নিশ্চিত যে, তুমি বিনষ্ট তথা ধ্বংস হোৱাটো খাটাং।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক