ছূৰা 17 · জুজ 15

Al-Isra · 17:101

وَلَقَدْ آتَيْنَا مُوسَىٰ تِسْعَ آيَاتٍ بَيِّنَاتٍ ۖ فَاسْأَلْ بَنِي إِسْرَائِيلَ إِذْ جَاءَهُمْ فَقَالَ لَهُ فِرْعَوْنُ إِنِّي لَأَظُنُّكَ يَا مُوسَىٰ مَسْحُورًا

আৰু আমি মুছাক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো; এতেকে তুমি বনী ইছৰাঈলক সুধি চোৱা; যেতিয়া তেওঁ সিহঁতৰ ওচৰত আহিছিল, আৰু ফিৰআউনে তেওঁক কৈছিল, ‘হে মুছা! নিশ্চয় মোৰ মতে তুমি এজন যাদুগ্ৰস্ত’।

তাফছীৰ

নিশ্চয় আমি মুছা আলাইহিচ্ছালামক নটা স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো, যিবোৰ তেওঁৰ সত্যতাৰ প্ৰমাণ আছিল, সেইবোৰ যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এতেকে হে ৰাছুল! আপুনি ইয়াহুদীসকলক সুধি চাব যেতিয়া মুছা সিহঁতৰ পূৰ্বপুৰুষসকলৰ ওচৰত এই নিদৰ্শনবোৰ লৈ আহিছিল তেতিয়া ফিৰআউনে তেওঁক কৈছিলঃ হে মুছা! তুমি এইবোৰ যি আচৰিত বুস্তু লৈ আনা, মই ইয়াৰ ফলত তোমাক এজন যাদু সংক্ৰমিত ব্যক্তি বুলি ভাৱো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক