ছূৰা 17 · জুজ 15
Al-Isra · 17:100
قُلْ لَوْ أَنْتُمْ تَمْلِكُونَ خَزَائِنَ رَحْمَةِ رَبِّي إِذًا لَأَمْسَكْتُمْ خَشْيَةَ الْإِنْفَاقِ ۚ وَكَانَ الْإِنْسَانُ قَتُورًا
কোৱা, ‘যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ’লাহেঁতেন, তথাপিও সেয়া ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে সেয়া ধৰি ৰাখিলাহেঁতেন; অৱশ্যে মানুহ বৰ কৃপণ’।
তাফছীৰ
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যদি তোমালোক মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হ'লাহেঁতেন, যি ভাণ্ডাৰ কেতিয়াও হ্ৰাস নহয় আৰু কেতিয়াও সমাপ্ত নহ'ব, তথাপিও তোমালোকে সেইটোক কৃপণালী কৰি বচাই ৰাখিবলৈ চেষ্টা কৰিলাহেঁতেন, যাতে শেষ নহয় আৰু তোমালোক দৰিদ্ৰ নোহোৱা। নিশ্চয় মানুহৰ স্বভাৱতেই আছে কৃপণালী। কিন্তু মুমিনসকলৰ বিষয়টো সুকীয়া, মুমিন ব্যক্তিয়ে আল্লাহৰ প্ৰতিদানৰ আশাত ব্যয় কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক