ছূৰা 16 · জুজ 14

An-Nahl · 16:92

وَلَا تَكُونُوا كَالَّتِي نَقَضَتْ غَزْلَهَا مِنْ بَعْدِ قُوَّةٍ أَنْكَاثًا تَتَّخِذُونَ أَيْمَانَكُمْ دَخَلًا بَيْنَكُمْ أَنْ تَكُونَ أُمَّةٌ هِيَ أَرْبَىٰ مِنْ أُمَّةٍ ۚ إِنَّمَا يَبْلُوكُمُ اللَّهُ بِهِ ۚ وَلَيُبَيِّنَنَّ لَكُمْ يَوْمَ الْقِيَامَةِ مَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ

তোমালোকে সেই নাৰীৰ দৰে নহ’বা, যিজনীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেয়া তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকৰ শপত তোমালোকে পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভবান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।

তাফছীৰ

তোমালোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰি কমবুদ্ধি তথা নিৰ্বোধ হোৱাৰ প্ৰমাণ নিদিবা। সেই মুৰ্খ মহিলাৰ দৰে, যিয়ে অতি কষ্টেৰে সূতা কটাৰ পিছত, নিজেই সেইবোৰ ছিঙি টুকুৰা-টুকুৰ কৰি পেলায়। তাই সূতা কটাত আৰু ছিঙাত, দুয়ো অৱস্থাতেই কষ্টহে কৰিছে কিন্তু লাভ একো হোৱা নাই। তোমালোকে শপতক ইজনে সিজনক প্ৰৱঞ্চনা কৰাৰ সাধন বনাই লৈছা, যাতে তোমালোকৰ সম্প্ৰদায় শত্ৰু সম্প্ৰদায়তকৈ সংখ্যাগৰিষ্ঠ তথা শক্তিশালী হয়। দৰাচলতে আল্লাহে প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত তোমালোকক পৰীক্ষা কৰি আছে, তোমালোকে সেয়া পূৰণ কৰা নে ভঙ্গ কৰা, কিয়ামতৰ দিনা আল্লাহে সেই সকলো বিষয় স্পষ্ট কৰি দিব যিবোৰকলৈ তোমালোকে পৃথিৱীত মতভেদ কৰিছা। এতেকে তেওঁ প্ৰকাশ কৰি দিব, কোন সৎপথত আছিল আৰু কোন বিপথত আছিল। লগতে কোন সত্যবাদী আছিল আৰু কোন মিছলীয়া আছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক