ছূৰা 16 · জুজ 14

An-Nahl · 16:93

وَلَوْ شَاءَ اللَّهُ لَجَعَلَكُمْ أُمَّةً وَاحِدَةً وَلَٰكِنْ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَلَتُسْأَلُنَّ عَمَّا كُنْتُمْ تَعْمَلُونَ

আৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতি কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে। আৰু তোমালোকে যি কৰিছিলা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।

তাফছীৰ

আল্লাহে ইচ্ছা কৰিলে তোমালোকক সত্যৰ ওপৰত প্ৰতিষ্ঠিত একেই উম্মতৰ অন্তৰ্ভুক্ত কৰিলেহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে ন্যায়ৰ সৈতে সত্যৰ পৰা আঁতৰ কৰি দিয়ে, আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বঞ্চিত কৰি দিয়ে। আৰু যাক ইচ্ছা কৰে নিজ অনুগ্ৰহত সেয়া পূৰণ কৰিবলৈ তাওফীক দিয়ে। পৃথিৱীত তোমালোকে যি যি কৰিছা সেই সম্পৰ্কে কিয়ামতৰ দিনা অৱশ্যে প্ৰশ্ন কৰা হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক