ছূৰা 16 · জুজ 14

An-Nahl · 16:91

وَأَوْفُوا بِعَهْدِ اللَّهِ إِذَا عَاهَدْتُمْ وَلَا تَنْقُضُوا الْأَيْمَانَ بَعْدَ تَوْكِيدِهَا وَقَدْ جَعَلْتُمُ اللَّهَ عَلَيْكُمْ كَفِيلًا ۚ إِنَّ اللَّهَ يَعْلَمُ مَا تَفْعَلُونَ

আৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰ্ণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক তোমালোকৰ সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।

তাফছীৰ

আল্লাহৰ লগত কৰা আৰু মানুহৰ লগত কৰা প্ৰত্যেক প্ৰতিশ্ৰুতি পূৰণ কৰিবা। মজবুতভাৱে আল্লাহৰ শপত খোৱাৰ পিছত সেইটো ভঙ্গ নকৰিবা। কাৰণ যি বিষয়ে তোমালোকে শপত গ্ৰহণ কৰিছা, সেই ক্ষেত্ৰত তোমালোকে আল্লাহক সাক্ষী ৰাখিছা। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক