ছূৰা 16 · জুজ 14

An-Nahl · 16:86

وَإِذَا رَأَى الَّذِينَ أَشْرَكُوا شُرَكَاءَهُمْ قَالُوا رَبَّنَا هَٰؤُلَاءِ شُرَكَاؤُنَا الَّذِينَ كُنَّا نَدْعُو مِنْ دُونِكَ ۖ فَأَلْقَوْا إِلَيْهِمُ الْقَوْلَ إِنَّكُمْ لَكَاذِبُونَ

আৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলো, যিসকলক আমি তোমাৰ পৰিবৰ্তে আহ্বান কৰিছিলো’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে উভতাই দি ক’ব, ‘নিশ্চয় তোমালোক মিছলীয়া’।

তাফছীৰ

মুশ্বৰিকসকলে কিয়ামতৰ দিনা যেতিয়া সিহঁতৰ সেই উপাস্যবোৰক প্ৰত্যক্ষ কৰিব, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা পাঠ কৰিছিল, তেতিয়া সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! তোমাক এৰি আমি এইবোৰকে পূজা-পাঠ কৰিছিলো। এইটো এইকাৰণে ক'ব, যাতে সিহঁতৰ গুনাহৰ বোজা সেই উপাস্যবোৰৰ কান্ধত জাপি দিয়ে। ইয়াৰ পিছত আল্লাহে সিহঁতৰ উপাস্যবোৰক বাক শক্তি প্ৰদান কৰিব, ফলত উপাস্যবোৰে সিহঁতৰ দাবী খণ্ডন কৰি ক'বঃ হে মুশ্বৰিকসকল! নিশ্চয় তোমালোক আল্লাহৰ ইবাদতত অংশী স্থাপন কৰাৰ ক্ষেত্ৰত মিছলীয়া আছিলা, কাৰণ তেওঁৰ বাহিৰে উপাসনাৰ যোগ্য তেওঁৰ কোনো অংশীয়েই নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক