ছূৰা 16 · জুজ 14
An-Nahl · 16:70
وَاللَّهُ خَلَقَكُمْ ثُمَّ يَتَوَفَّاكُمْ ۚ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْ لَا يَعْلَمَ بَعْدَ عِلْمٍ شَيْئًا ۚ إِنَّ اللَّهَ عَلِيمٌ قَدِيرٌ
আৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহৰ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাবান।
তাফছীৰ
আল্লাহে তোমালোকক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তোমালোকৰ আয়ু সমাপ্ত হ'লে তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। আনহাতে তোমালোকৰ কিছুমানৰ বয়স বৃদ্ধি কৰি বেয়া অৱস্থাত উপনীত কৰায় অৰ্থাৎ বৃদ্ধাৱস্থাত, যাতে সি প্ৰথমে যি জানিছিল সেয়া জানিব নোৱাৰে। নিশ্চয় তেওঁ সৰ্বজ্ঞ, বান্দাৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক