ছূৰা 16 · জুজ 14

An-Nahl · 16:69

ثُمَّ كُلِي مِنْ كُلِّ الثَّمَرَاتِ فَاسْلُكِي سُبُلَ رَبِّكِ ذُلُلًا ۚ يَخْرُجُ مِنْ بُطُونِهَا شَرَابٌ مُخْتَلِفٌ أَلْوَانُهُ فِيهِ شِفَاءٌ لِلنَّاسِ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً لِقَوْمٍ يَتَفَكَّرُونَ

‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, য'ত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।

তাফছীৰ

তাৰ পিছত যিটো ইচ্ছা সেই ফল ভক্ষণ কৰা, আৰু তোমাৰ প্ৰতিপালকে দেখুৱাই দিয়া সৰল পথত পৰিচালিত হোৱা। সেইবোৰ মৌ-মাখিৰ পেটৰ পৰা বিভিন্ন ৰঙৰ মৌ ওলায়। কিছুমান শুভ্ৰ, আৰু কিছুমান হালধীয়া আৰু কিছুমান অন্যান্য ৰঙৰ। তাত আছে মানুহৰ বাবে শ্বিফা (আৰোগ্য)। ইয়াৰ দ্বাৰা বেমাৰৰ চিকিৎসা কৰা হয়। মৌ মাখিৰ প্ৰশিক্ষণৰ মাজত আৰু সিহঁতৰ পেটৰ পৰা ওলোৱা মৌৰ মাজত সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতাৰ আৰু তেওঁৰ উত্তম ব্যৱস্থাপনাৰ প্ৰমাণ আছে, যিসকলে চিন্তা-চৰ্চা কৰে। কাৰণ তেওঁলোকেই শিক্ষা গ্ৰহণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক