ছূৰা 16 · জুজ 14
An-Nahl · 16:71
وَاللَّهُ فَضَّلَ بَعْضَكُمْ عَلَىٰ بَعْضٍ فِي الرِّزْقِ ۚ فَمَا الَّذِينَ فُضِّلُوا بِرَادِّي رِزْقِهِمْ عَلَىٰ مَا مَلَكَتْ أَيْمَانُهُمْ فَهُمْ فِيهِ سَوَاءٌ ۚ أَفَبِنِعْمَةِ اللَّهِ يَجْحَدُونَ
আৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজত ইজনক সিজনৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা এনে পৰিমাণে নিদিয়ে যাতে সিহঁতেও এই বিষয়ে সিহঁতৰ সমান হৈ যায়। তেনেহ’লে সিহঁতে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰেনে?
তাফছীৰ
আল্লাহে জীৱিকাৰ ক্ষেত্ৰত তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত প্ৰাধান্য দিছে। তোমালোকৰ কিছুমানক ধনী বনাইছে, আকৌ আন কিছুমানক দুখীয়া। কিছুমানক ৰজা বনাইছে, আকৌ আন কিছুমানক বনাইছে প্ৰজা। এতেকে আল্লাহে যাক ধন-সম্পত্তিত প্ৰাধান্য দিছে, সি কেতিয়াও নিজৰ ধন-সম্পত্তি নিজৰ দাসক অৰ্পন নকৰিব, কাৰণ ধন-সম্পত্তিৰ ক্ষেত্ৰত সিও যাতে তাৰ সমপৰ্যায় নাপায়গৈ। তেন্তে সিহঁতে কেনেকৈ আল্লাহৰ লগত অংশী স্থাপন কৰে, অথচ সিহঁতে নিজৰ ক্ষেত্ৰত এইটো অপছন্দ কৰে যে, তাৰ দাস যাতে তাৰ সমপৰ্যায় নাপায়। এইটো কেনেকুৱা অন্যায়? আল্লাহৰ নিয়ামত অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইয়াতকৈ ডাঙৰ পাপ আৰু কি হ’ব পাৰে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক