ছূৰা 16 · জুজ 14
An-Nahl · 16:63
تَاللَّهِ لَقَدْ أَرْسَلْنَا إِلَىٰ أُمَمٍ مِنْ قَبْلِكَ فَزَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ فَهُوَ وَلِيُّهُمُ الْيَوْمَ وَلَهُمْ عَذَابٌ أَلِيمٌ
আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো; কিন্তু চয়তানে সেইবোৰ জাতিৰ কাৰ্যকলাপ সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল, সেয়ে আজি সি সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
আল্লাহৰ শপত! হে ৰাছুল! আমি আপোনাৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায় সমূহৰ ওচৰতো ৰাছুল প্ৰেৰণ কৰিছিলো। কিন্তু চয়তানে সেইসমূহ সম্প্ৰদায়ৰ বেয়া কৰ্মবোৰক যেনেঃ শ্বিৰ্ক, কুফৰী আৰু বিভিন্ন গুনাহক সিহঁতৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰিছিল। সিহঁতৰ ধাৰণা মতে কিয়ামতৰ দিনা সিয়ে সিহঁতক সহায় কৰিব, সেয়ে যাতে সিহঁতে তাৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে। প্ৰকৃততে কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক