ছূৰা 16 · জুজ 14
An-Nahl · 16:62
وَيَجْعَلُونَ لِلَّهِ مَا يَكْرَهُونَ وَتَصِفُ أَلْسِنَتُهُمُ الْكَذِبَ أَنَّ لَهُمُ الْحُسْنَىٰ ۖ لَا جَرَمَ أَنَّ لَهُمُ النَّارَ وَأَنَّهُمْ مُفْرَطُونَ
আৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই। নিসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।
তাফছীৰ
সিহঁতে আল্লাহৰ কন্যা সন্তান আছে বুলি দাবী কৰে, অথচ নিজৰ বাবে সেইটোক অপছন্দ কৰে। সিহঁতে আৰু এটা মিছা দাবী কৰে যে, মুছলিমসকলৰ কোৱা মতে যদি সঁচাই সিহঁতক পুনৰ্জীৱিত কৰা হয় তেন্তে আল্লাহৰ ওচৰত সিহঁতৰ বাবে থাকিব উত্তম স্থান। প্ৰকৃততে সিহঁতৰ বাবে আছে জাহান্নাম। সেই জাহান্নামত সিহঁতক এৰি দিয়া হ'ব, আৰু তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক