ছূৰা 16 · জুজ 14

An-Nahl · 16:61

وَلَوْ يُؤَاخِذُ اللَّهُ النَّاسَ بِظُلْمِهِمْ مَا تَرَكَ عَلَيْهَا مِنْ دَابَّةٍ وَلَٰكِنْ يُؤَخِّرُهُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۖ فَإِذَا جَاءَ أَجَلُهُمْ لَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ

আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও আগ-পিছ কৰিব নোৱাৰে।

তাফছীৰ

মানুহৰ অন্যায়-অত্যাচাৰ আৰু কুফৰীৰ কাৰণে যদি আল্লাহে সিহঁতক শাস্তি দিয়া আৰম্ভ কৰে তেন্তে পৃথিৱীৰ বুকুত কোনো মানুহ তথা প্ৰাণীয়ে ৰেহাই নাপাব। কিন্তু তেওঁ সিহঁতক জানি বুজি এটা নিৰ্দিষ্ট সময়লৈকে অৱকাশ দিয়ে। অৱশেষত যেতিয়া সেই নিৰ্দিষ্ট সময় আহি পৰে, তেতিয়া অলপ আগুৱাইয়ো নাযায় আৰু পিছুৱাইয়ো নাযায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক