ছূৰা 16 · জুজ 14
An-Nahl · 16:60
لِلَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ مَثَلُ السَّوْءِ ۖ وَلِلَّهِ الْمَثَلُ الْأَعْلَىٰ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে যাৱতীয় বেয়া উদাহৰণ (গুণাৱলী) সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
আখিৰাতৰ প্ৰতি বিশ্বাস নকৰা কাফিৰসকলৰ বেয়া গুণ যেনেঃ সন্তানৰ চাহিদা, মুৰ্খতা আৰু কুফৰী আদি। আনহাতে আল্লাহৰ বৈশিষ্ট্য হৈছে প্ৰশংসনীয় আৰু সুউচ্চ। যেনেঃ প্ৰতাপশালী, স্বয়ংসম্পূৰ্ণ, অমুখাপেক্ষী আৰু সৰ্বজ্ঞ। তেওঁ মহাপৱিত্ৰ, ক্ষমতাত মহাপৰাক্ৰমশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক