ছূৰা 16 · জুজ 14
An-Nahl · 16:59
يَتَوَارَىٰ مِنَ الْقَوْمِ مِنْ سُوءِ مَا بُشِّرَ بِهِ ۚ أَيُمْسِكُهُ عَلَىٰ هُونٍ أَمْ يَدُسُّهُ فِي التُّرَابِ ۗ أَلَا سَاءَ مَا يَحْكُمُونَ
তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট!
তাফছীৰ
কন্যা সন্তান জন্ম লাভৰ সংবাদ সিহঁতৰ ওচৰত ইমান নিন্দনীয় যে, তেনেকুৱা খবৰ পালে সিহঁতে মানুহৰ পৰা আত্মগোপন কৰি ফুৰে। সি মনে মনে ভাৱে, এই নৱজাত শিশুটিকলৈ অপমান সহ্য কৰি জীয়াই ৰাখিম নে তাইক জীৱিত অৱস্থাতেই দাফন কৰিম? মুশ্বৰিকসকলৰ সিদ্ধান্ত কিমান নিকৃষ্ট, সিহঁতে নিজৰ বাবে যিটো অপছন্দ কৰে সেইটো নিজ প্ৰতিপালকৰ বাবে পছন্দ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক