ছূৰা 16 · জুজ 14

An-Nahl · 16:64

وَمَا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ إِلَّا لِتُبَيِّنَ لَهُمُ الَّذِي اخْتَلَفُوا فِيهِ ۙ وَهُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ

আৰু আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো যিসকলে এই বিষয়ে মতভেদ কৰে সিহঁতক সুস্পষ্টভাৱে বুজাই দিয়াৰ বাবে আৰু ই হিদায়ত আৰু ৰহমত স্বৰূপ সেই সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।

তাফছীৰ

হে ৰাছুল! আমি আপোনাৰ প্ৰতি এই কোৰআন এইবাবে অৱতীৰ্ণ কৰিছো, যাতে আপুনি সকলো লোকৰ সন্মুখত তাওহীদ, পুনৰুত্থান আৰু চৰীয়তৰ বিধি-বিধান স্পষ্টভাৱে বৰ্ণনা কৰি দিব পাৰে। আৰু যাতে এই কোৰআন আৰু ইয়াৰ শিক্ষা, আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক আৰু ৰহমত হয়। সত্যৰ দ্বাৰা কেৱল তেওঁলোকেই উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক