ছূৰা 16 · জুজ 14
An-Nahl · 16:56
وَيَجْعَلُونَ لِمَا لَا يَعْلَمُونَ نَصِيبًا مِمَّا رَزَقْنَاهُمْ ۗ تَاللَّهِ لَتُسْأَلُنَّ عَمَّا كُنْتُمْ تَفْتَرُونَ
আৰু আমি সিহঁতক যি জীৱিকা দান কৰিছো সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।
তাফছীৰ
মুশ্বৰিকসকলে আমি প্ৰদান কৰা ধন-সম্পদৰ এটা অংশ সিহঁতৰ মূৰ্তিবোৰৰ কাৰণেও নিৰ্দিষ্ট কৰে, যিবোৰে একোৱে নাজানে। কাৰণ সেইবোৰ হৈছে নিৰ্জীৱ, সেইবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে ইয়াৰ দ্বাৰা নৈকট্য লাভ কৰিব বিচাৰে। হে মুশ্বৰিকসকল! আল্লাহৰ শপত! তোমালোকক কিয়ামতৰ দিনা তোমালোকৰ এই ধাৰণা সম্পৰ্কে নিশ্চয় প্ৰশ্ন কৰা হ'ব যে, এই মূৰ্তিবোৰ উপাস্য হয় নে নহয়, আৰু তোমালোকৰ ধন-সম্পদত সেইবোৰৰ নিৰ্দিষ্ট অংশ থকাটো সঁচানে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক