ছূৰা 16 · জুজ 14
An-Nahl · 16:57
وَيَجْعَلُونَ لِلَّهِ الْبَنَاتِ سُبْحَانَهُ ۙ وَلَهُمْ مَا يَشْتَهُونَ
আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে-- তেওঁ পৱিত্ৰ, মহিমাময়। কিন্তু সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে।
তাফছীৰ
মুশ্বৰিকসকলে আল্লাহৰ জীয়ৰি আছে বুলি ধাৰণা পোষণ কৰে, সিহঁতৰ মতে আল্লাহৰ জীয়ৰি হৈছে ফিৰিস্তাসকল। সিহঁতে আল্লাহৰ বাবে সেইবোৰ নিৰ্বাচন কৰে যিবোৰ সিহঁতে নিজৰ বাবে পছন্দ নকৰে। সিহঁতৰ এই কৰ্মৰ পৰা আল্লাহ পৱিত্ৰ। আনহাতে সিহঁতে কিন্তু নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰে। ইয়াতকৈ ডাঙৰ অপৰাধ আৰুনো কি হ’ব পাৰে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক