ছূৰা 16 · জুজ 14
An-Nahl · 16:55
لِيَكْفُرُوا بِمَا آتَيْنَاهُمْ ۚ فَتَمَتَّعُوا ۖ فَسَوْفَ تَعْلَمُونَ
আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।
তাফছীৰ
আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ ফলত সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিছে, তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, বিপদ-আপদ দূৰ কৰা। সেই কাৰণে সিহঁতক কোৱা হৈছেঃ তোমালোকক যি নিয়ামত দান কৰা হৈছে, সেইবোৰ কিছুসময় উপভোগ কৰা, কাৰণ তোমালোকৰ ওপৰত আগতীয়াকৈ হওক অথবা পলমকৈ আল্লাহৰ আযাব আহিবই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক