ছূৰা 16 · জুজ 14
An-Nahl · 16:45
أَفَأَمِنَ الَّذِينَ مَكَرُوا السَّيِّئَاتِ أَنْ يَخْسِفَ اللَّهُ بِهِمُ الْأَرْضَ أَوْ يَأْتِيَهُمُ الْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
যিসকলে বেয়া কৰ্মৰ ষড়যন্ত্ৰ কৰে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈ গৈছে নেকি, নে উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিৰ্ভয় হৈছে?
তাফছীৰ
মানুহক আল্লাহৰ পথৰ পৰা বাধা দিবলৈ যিসকল লোকে ষড়যন্ত্ৰ ৰচে, সিহঁত নিশ্চিন্ত হৈছে নেকি যে, আল্লাহে সিহঁতক কাৰূনৰ দৰে পৃথিৱীৰ গহ্বৰত পুতি নিদিব অথবা সিহঁতৰ ওচৰত এনেকুৱা শাস্তি নাহিব, যি শাস্তিৰ সিহঁতে কামনা কৰা নাছিল?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক