ছূৰা 16 · জুজ 14

An-Nahl · 16:44

بِالْبَيِّنَاتِ وَالزُّبُرِ ۗ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ

স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।

তাফছীৰ

আমি এই ৰাছুলসকলক স্পষ্ট প্ৰমাণ আৰু ঐশী গ্ৰন্থসহ প্ৰেৰণ কৰিছিলো। হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে প্ৰয়োজন অনুসাৰে আপুনি মানুহক বিশ্লেষণ কৰি দিয়ে। যাতে সিহঁতে বিবেক-বুদ্ধিৰে কাম লয়, আৰু কোৰআনত বৰ্ণিত বাণীৰে শিক্ষা লয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক