ছূৰা 16 · জুজ 14
An-Nahl · 16:28
الَّذِينَ تَتَوَفَّاهُمُ الْمَلَائِكَةُ ظَالِمِي أَنْفُسِهِمْ ۖ فَأَلْقَوُا السَّلَمَ مَا كُنَّا نَعْمَلُ مِنْ سُوءٍ ۚ بَلَىٰ إِنَّ اللَّهَ عَلِيمٌ بِمَا كُنْتُمْ تَعْمَلُونَ
যিবিলাকে নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলো’। হয়, নিশ্চয় তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
তাফছীৰ
মৃত্যুৰ ফিৰিস্তা আৰু তেওঁৰ সহযোগীসকলে যেতিয়া সেইসকল লোকৰ প্ৰাণহৰণ কৰে যিসকলে অন্যায়-অত্যাচাৰ আৰু কুফৰীত লিপ্ত, তেতিয়া সেইসকল লোকে মৃত্যুক সন্মুখত দেখি আত্মসমৰ্পন কৰে, লগতে সিহঁতে তেতিয়া কুফৰী আৰু গুনাহ কৰা বুলি অস্বীকাৰ কৰে। এইকাৰণে অস্বীকাৰ কৰে হয়তো সিহঁতে ইয়াৰ ফলত লাভান্বিত হ'ব। তেতিয়া সিহঁতক কোৱা হ'বঃ তোমালোক মিছলীয়া। তোমালোক কাফিৰ আছিলা, আৰু গুনাহত লিপ্ত আছিলা। তোমালোকে পৃথিৱীত যি কৰিছিলা, নিশ্চিতভাৱে আল্লাহ সেই সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। আৰু তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক