ছূৰা 16 · জুজ 14
An-Nahl · 16:27
ثُمَّ يَوْمَ الْقِيَامَةِ يُخْزِيهِمْ وَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تُشَاقُّونَ فِيهِمْ ۚ قَالَ الَّذِينَ أُوتُوا الْعِلْمَ إِنَّ الْخِزْيَ الْيَوْمَ وَالسُّوءَ عَلَى الْكَافِرِينَ
পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--
তাফছীৰ
তাৰ পিছত কিয়ামতৰ দিনা আল্লাহে সিহঁতক শাস্তিৰ দ্বাৰা অপমানিত কৰিব আৰু ক'বঃ সেইসকল অংশীদাৰ ক'ত এতিয়া? যিবোৰক তোমালোকে মোৰ সৈতে ইবাদতত অংশী কৰিছিলা, আৰু সেইবোৰৰ কাৰণে তোমালোকে মোৰ নবী আৰু মুমিনসকলৰ লগত শত্ৰুতা পোষণ কৰিছিলা। আল্লাহৱালা জ্ঞানী লোকসকলে ক'বঃ নিশ্চয় কিয়ামতৰ দিনা অপমান আৰু শাস্তি হৈছে কাফিৰসকলৰ বাবে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক