ছূৰা 16 · জুজ 14

An-Nahl · 16:26

قَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَأَتَى اللَّهُ بُنْيَانَهُمْ مِنَ الْقَوَاعِدِ فَخَرَّ عَلَيْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَأَتَاهُمُ الْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ

অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, এতেকে আল্লাহে সিহঁতৰ প্ৰসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ফলত প্ৰসাদৰ ছাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।

তাফছীৰ

ইহঁতৰ পূৰ্বেও কাফিৰসকলে নিজ নিজ ৰাছুলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল। ফলত আল্লাহে সিহঁতৰ বাসস্থানবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল, আৰু সিহঁতৰ ঘৰৰ চাদ সিহঁতৰ ওপৰত ভাঙি পৰিছিল। সিহঁতৰ ওপৰত শাস্তি এনেকৈ আহিছিল, যিটো সিহঁতে কেতিয়াও কামনা কৰা নাছিল। কিয়নো সিহঁতৰ পূৰ্ণ বিশ্বাস আছিল যে, সিহঁতৰ অট্টালিকাই সিহঁতক সুৰক্ষা প্ৰদান কৰিব। কিন্তু সিহঁতক সেইবোৰৰ দ্বাৰাই ধ্বংস কৰা হ'ল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক