ছূৰা 16 · জুজ 14

An-Nahl · 16:25

لِيَحْمِلُوا أَوْزَارَهُمْ كَامِلَةً يَوْمَ الْقِيَامَةِ ۙ وَمِنْ أَوْزَارِ الَّذِينَ يُضِلُّونَهُمْ بِغَيْرِ عِلْمٍ ۗ أَلَا سَاءَ مَا يَزِرُونَ

ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশত বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!

তাফছীৰ

যাতে সিহঁতে কোনো হ্ৰাস নোহোৱাকৈ নিজৰ গুনাহ বহন কৰিব পাৰে। লগতে সেইসকল লোকৰ গুনাহৰো যাতে কিছু অংশ বহন কৰে যিসকলক সিহঁতে অজানিতে অথবা পূৰ্বৱৰ্তীসকলৰ অনুসৰণত ইছলামৰ পৰা বিভ্ৰান্ত কৰিছে। এতেকে সিহঁতৰ নিজৰ আৰু সিহঁতৰ অনুসাৰীসকলৰ গুনাহৰ বোজা কিমান যে নিকৃষ্ট, যিবোৰ সিহঁতে বহন কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক