ছূৰা 16 · জুজ 14

An-Nahl · 16:2

يُنَزِّلُ الْمَلَائِكَةَ بِالرُّوحِ مِنْ أَمْرِهِ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ أَنْ أَنْذِرُوا أَنَّهُ لَا إِلَٰهَ إِلَّا أَنَا فَاتَّقُونِ

তেওঁ নিজ বান্দাসকলৰ মাজত যাৰ প্ৰতি ইচ্ছা নিজ নিৰ্দেশত ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।

তাফছীৰ

আল্লাহে ফিৰিস্তাসকলক তেওঁৰ অহীৰ সৈতে যি ৰাছুলৰ প্ৰতি ইচ্ছা কৰে প্ৰেৰণ কৰে যে, হে ৰাছুল! আপুনি মানুহক আল্লাহৰ লগত শ্বিৰ্ক কৰাৰ পৰা সতৰ্ক কৰক। কিয়নো মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে হে মানৱজাতি! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক