ছূৰা 16 · জুজ 14
An-Nahl · 16:3
خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۚ تَعَالَىٰ عَمَّا يُشْرِكُونَ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।
তাফছীৰ
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সত্যৰ সৈতে সৃষ্টি কৰিছে। এতেকে তেওঁ ইয়াক এনেয়ে সৃষ্টি কৰা নাই। বৰং তেওঁ ইয়াক এই কাৰণে সৃষ্টি কৰিছে, যাতে ইয়াৰ দ্বাৰা তেওঁৰ মহত্বৰ উমান পোৱা যায়। তেওঁৰ লগত আনক অংশী স্থাপন কৰা কাৰ্যৰ পৰা তেওঁ পৱিত্ৰ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক