ছূৰা 16 · জুজ 14

An-Nahl · 16:1

أَتَىٰ أَمْرُ اللَّهِ فَلَا تَسْتَعْجِلُوهُ ۚ سُبْحَانَهُ وَتَعَالَىٰ عَمَّا يُشْرِكُونَ

আল্লাহৰ আদেশ আহিবই; এতেকে সেইটো পাবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময় আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।

তাফছীৰ

হে কাফিৰসকল! আল্লাহে তোমালোকক শাস্তি প্ৰদানৰ যি সিদ্ধান্ত লৈছে, সেই সময়টো অতি সন্নিকট হৈ পৰিছে। এতেকে নিৰ্ধাৰিত সময়ৰ আগতে সেইটোক পোৱাৰ বাবে খৰধৰ নকৰিবা। মুশ্বৰিকসকলৰ অংশীস্থাপনৰ পৰা আল্লাহ তাআলা অতি পৱিত্ৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক