ছূৰা 16 · জুজ 14
An-Nahl · 16:11
يُنْبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّيْتُونَ وَالنَّخِيلَ وَالْأَعْنَابَ وَمِنْ كُلِّ الثَّمَرَاتِ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً لِقَوْمٍ يَتَفَكَّرُونَ
ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে জন্মায় শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
তাফছীৰ
আল্লাহে সেই পানীৰেই তোমালোকৰ বাবে ফচল উৎপন্ন কৰে, যিবোৰ তোমালোকে ভক্ষণ কৰা, আৰু সেই পানীৰেই যাইতুন, খেজুৰ আৰু আঙুৰ গছ লালিত পালিত হয়, লগতে তোমালোকৰ বাবে অন্যান্য সকলো ফলমূল উৎপন্ন কৰে। নিশ্চয় সেই পানী আৰু তাৰ দ্বাৰা উৎপন্ন বস্তুবোৰৰ মাজত আছে আল্লাহৰ ক্ষমতাৰ নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা কৰে, আৰু সেইবোৰৰ পৰা তেওঁৰ মহানতাৰ পাঠ গ্ৰহণ কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক