ছূৰা 16 · জুজ 14
An-Nahl · 16:12
وَسَخَّرَ لَكُمُ اللَّيْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ ۖ وَالنُّجُومُ مُسَخَّرَاتٌ بِأَمْرِهِ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।
তাফছীৰ
আল্লাহে ৰাতিক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। দিনক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে, যাতে তোমালোকে জীৱিকা সন্ধান কৰিব পাৰা। সূৰ্যক তোমালোকৰ সেৱাত নিয়োজিত কৰিছে আৰু ইয়াক পোহৰৰ উৎস বনাইছে, আনহাতে চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়। তৰাবোৰো তেওঁৰ আদেশতেই তোমালোকৰ কৰ্মত নিয়োজিত, তোমালোকে জল-স্থলত অন্ধকাৰত সেইবোৰৰ দ্বাৰাই পথ সন্ধান কৰা, আৰু সময় নিৰ্ণয় কৰা। এই সকলো বস্তুক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজতো আছে স্পষ্ট নিদৰ্শন, সেইসকল লোকৰ বাবে যিসকলে বিবেক-বুদ্ধি খটোৱায়। কিয়নো তেওঁলোকেই ইয়াৰ হিকমত বুজিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক