ছূৰা 16 · জুজ 14

An-Nahl · 16:10

هُوَ الَّذِي أَنْزَلَ مِنَ السَّمَاءِ مَاءً ۖ لَكُمْ مِنْهُ شَرَابٌ وَمِنْهُ شَجَرٌ فِيهِ تُسِيمُونَ

তেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ যাতে তোমালোকে পশু চৰোৱাব পাৰা।

তাফছীৰ

তেৱেঁই পৱিত্ৰ আল্লাহ, যিয়ে তোমালোকৰ বাবে মেঘৰ পৰা পানী বৰ্ষণ কৰে। সেই পানীৰ পৰাই তোমালোকে খোৱা আৰু তোমালোকৰ চতুষ্পদ জন্তুবোৰেও খায়, সেই পানীৰেই ঘাঁহ বন উৎপন্ন হয়, যিবোৰত তোমালোকে নিজৰ চতুষ্পদ জন্তুবোৰ চৰোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক