ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:4

وَفِي الْأَرْضِ قِطَعٌ مُتَجَاوِرَاتٌ وَجَنَّاتٌ مِنْ أَعْنَابٍ وَزَرْعٌ وَنَخِيلٌ صِنْوَانٌ وَغَيْرُ صِنْوَانٍ يُسْقَىٰ بِمَاءٍ وَاحِدٍ وَنُفَضِّلُ بَعْضَهَا عَلَىٰ بَعْضٍ فِي الْأُكُلِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ

আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূখণ্ড, আঙ্গুৰৰ বাগিচা, খেতি পথাৰ, একেই মূলৰ পৰা উদগত বা ভিন ভিন মূলৰ পৰা উদগত খেজুৰ গছ যিবোৰক একে পানীয়েই জীপাল কৰে, কিন্তু সোৱাদৰ ক্ষেত্ৰত সেইবোৰৰ কিছুমানক আমি আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব দিওঁ। নিশ্চয় বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে ইয়াত আছে নিদৰ্শন।

তাফছীৰ

আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূ-ভাগ। তাত আছে আঙুৰৰ বাগিচা আৰু খেতি-পথাৰ। ক’ৰবাত আছে একেই মূলৰ পৰা উদগত খেজুৰৰ গছ, আকৌ ক’ৰবাত আছে পৃথক পৃথক খেজুৰৰ গছ। এইবোৰ বাগিচা আৰু খেতি-পথাৰক একেই পানীয়ে জীপাল কৰে। একেই পানী আৰু একেই ভূমিত উৎপন্ন হোৱাৰ পিছতো আমি সেইবোৰৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰো সোৱাদ তথা আন আন উপকাৰৰ ক্ষেত্ৰত। উক্ত বৰ্ণনাত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলৰ বিবেক-বুদ্ধি আছে। কাৰণ তেওঁলোকেই ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক