ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:5

۞ وَإِنْ تَعْجَبْ فَعَجَبٌ قَوْلُهُمْ أَإِذَا كُنَّا تُرَابًا أَإِنَّا لَفِي خَلْقٍ جَدِيدٍ ۗ أُولَٰئِكَ الَّذِينَ كَفَرُوا بِرَبِّهِمْ ۖ وَأُولَٰئِكَ الْأَغْلَالُ فِي أَعْنَاقِهِمْ ۖ وَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ

আৰু যদি তুমি বিস্মিত হোৱা, তেন্তে (তাতোকৈ) বিস্মিয়ৰ বিষয় হৈছে সিহঁতৰ এই কথাঃ ‘আমি যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমি নতুন জীৱন লাভ কৰিমনে’? ইহঁতেই হৈছে সেইসকল লোক যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰিছে, আৰু ইহঁতৰেই ডিঙিত থাকিব শিকলি, আৰু ইহঁতেই অগ্নিৰ অধিবাসী, তাত সিহঁত স্থায়ী হ’ব।

তাফছীৰ

হে ৰাছুল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁতে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হৈ যাম, তথা আমাৰ হাড়বোৰ গেলি-পচি যাব তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে, এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁৰ এই ক্ষমতাক সিহঁতে অস্বীকাৰ কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁত চিৰস্থায়ী হ'ব। তাত সিহঁতৰ মৃত্যুও নহ'ব, শাস্তিও শেষ নহ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক