ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:3

وَهُوَ الَّذِي مَدَّ الْأَرْضَ وَجَعَلَ فِيهَا رَوَاسِيَ وَأَنْهَارًا ۖ وَمِنْ كُلِّ الثَّمَرَاتِ جَعَلَ فِيهَا زَوْجَيْنِ اثْنَيْنِ ۖ يُغْشِي اللَّيْلَ النَّهَارَ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَتَفَكَّرُونَ

আৰু তেৱেঁই ধৰাখনক বিস্তৃত কৰিছে আৰু তাত সুদৃঢ় পৰ্বত আৰু নদী সৃষ্টি কৰিছে আৰু তেৱেঁই সকলো ধৰণৰ ফল-মূল যোৰা-যোৰাকৈ সৃষ্টি কৰিছে। তেৱেঁই দিনক ৰাতিৰ দ্বাৰা ঢাকি দিয়ে। নিশ্চয় ইয়াত চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন আছে।

তাফছীৰ

তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে। আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কপি নাথাকে। আৰু তাত সৃষ্টি কৰিছে নদ-নদী, যাতে মানুহে আৰু জীৱ-জন্তুৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰত্যেক ফলমূলকে বনাইছে যোৰ যোৰকৈ, যিদৰে জীৱ-জন্তুত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰ অন্তত অন্ধকাৰ হৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰু দলিলৰ দ্বাৰা উপকৃত হয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক