ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:2

اللَّهُ الَّذِي رَفَعَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ يَجْرِي لِأَجَلٍ مُسَمًّى ۚ يُدَبِّرُ الْأَمْرَ يُفَصِّلُ الْآيَاتِ لَعَلَّكُمْ بِلِقَاءِ رَبِّكُمْ تُوقِنُونَ

আল্লাহ সেইজন, যিজনে আকাশসমূহক খুঁটাবিহীন ওপৰত স্থাপন কৰিছে, যিটো তোমালোকে দেখা পোৱা। তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে আৰু সূৰ্য আৰু চন্দ্ৰক নিয়মাধীন কৰিছে, প্ৰত্যেকটোৱে এটা নিৰ্দিষ্ট সময় লৈকে আবৰ্তন কৰিব। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে, আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ লগত সাক্ষাত সম্পৰ্কে নিশ্চিত বিশ্বাস কৰিব পাৰা।

তাফছীৰ

তেৱেঁই আল্লাহ, যিয়ে আকাশমণ্ডলক খুটা অবিহনে সৃষ্টি কৰিছে, তোমালোকে ইয়াক দেখা পাই আছা। তাৰ পিছত তেওঁ আৰছত (সিংহাসনত) উঠিছে, সেইদৰেই যিদৰে তেওঁ উঠা উচিত। এই সম্পৰ্কে কোনো ধৰণ-গঠন বৰ্ণনা কৰা তথা কোনো উদাহৰণ দিয়া ঠিক নহয়। তেৱেঁই চন্দ্ৰ সূৰ্যক তেওঁৰ সৃষ্টিৰ উপকাৰৰ বাবে নিয়োজিত কৰিছে। চন্দ্ৰ আৰু সূৰ্য প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে সক্ৰিয় থাকিব, যাৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। তেৱেঁই পৱিত্ৰ আল্লাহ, আকাশমণ্ডল আৰু পৃথিৱীক যিদৰে ইচ্ছা সেইদৰেই সঞ্চালন কৰে। তেওঁ নিজৰ ক্ষমতাৰ বৰ্ণনা স্পষ্টভাৱে বৰ্ণনা কৰে। যাতে তোমালোকে ক্বিয়ামত দিৱসৰ সাক্ষাতক বিশ্বাস কৰা। আৰু তাৰ প্ৰস্তুতিৰ বাবে নেক আমল কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক