ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:1

المر ۚ تِلْكَ آيَاتُ الْكِتَابِ ۗ وَالَّذِي أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ الْحَقُّ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يُؤْمِنُونَ

আলিফ-লাম-মীম-ৰা, এইবোৰ কিতাবৰ আয়াত, আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সত্য; কিন্তু অধিকাংশ মানুহেই ঈমান পোষণ নকৰে।

তাফছীৰ

(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ লগতে হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। আৰু এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক