ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:22
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
তাফছীৰ
তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছো তাৰ পৰা অনিবাৰ্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক