ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:21
وَالَّذِينَ يَصِلُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوءَ الْحِسَابِ
আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক,
তাফছীৰ
তেওঁলোকেই আত্মীয়তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰে যে, আল্লাহে যেন তেওঁলোকৰ সকলো গুনাহৰ হিচাপ নলয়। কাৰণ যাৰ তন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱে ধ্বংস হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক