ছূৰা 13 · জুজ 13

Ar-Ra'd · 13:23

جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ

স্থায়ী জান্নাতসমূহ, তাত তেওঁলোক প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,

তাফছীৰ

উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাত, য'ত আছে নিৰবিচ্ছিন্ন নিয়ামত, তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব ইয়াৰ জৰিয়তে যে, তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায়তপ্ৰাপ্ত পিতৃপুৰুষসকল, মাতৃসকল, স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকল প্ৰৱেশ কৰিব। যাতে তেওঁলোকৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ প্ৰশান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁলোকৰ গৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক