ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:13
وَيُسَبِّحُ الرَّعْدُ بِحَمْدِهِ وَالْمَلَائِكَةُ مِنْ خِيفَتِهِ وَيُرْسِلُ الصَّوَاعِقَ فَيُصِيبُ بِهَا مَنْ يَشَاءُ وَهُمْ يُجَادِلُونَ فِي اللَّهِ وَهُوَ شَدِيدُ الْمِحَالِ
আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁত আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।
তাফছীৰ
বিজুলিৰ চমকণিয়ে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণগান কৰে, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ গুণগান কৰে ভয়তে তথা তেওঁৰ প্ৰতাপী ক্ষমতাৰ সন্মানাৰ্থে। আল্লাহে তেওঁৰ যি সৃষ্টিৰ ওপৰতে ইচ্ছা কৰে তাৰ ওপৰত বজ্ৰপাত কৰি তাক ধ্বংস কৰে। আনহাতে কাফিৰসকলে আল্লাহৰ একত্বকলৈ বাদানুবাদ কৰে। জানি থোৱা! আল্লাহ মহাশক্তিশালী মহাপৰাক্ৰমশালী, তেওঁ যিটো কৰিব বিচাৰে সেইটো কৰিহে এৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক