ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:14
لَهُ دَعْوَةُ الْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَسْتَجِيبُونَ لَهُمْ بِشَيْءٍ إِلَّا كَبَاسِطِ كَفَّيْهِ إِلَى الْمَاءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهِ ۚ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।
তাফছীৰ
তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- কোনো তৃষ্ণাতুৰ ব্যক্তিয়ে পানীৰ পিনে হাত প্ৰসাৰিত কৰি ভাৱে যে, পানী তাৰ মুখত নিজে নিজে আহি পাব আৰু সি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মুখত নিজে নিজে অহাটো সম্ভৱ নহয়। দৰাচলতে কাফিৰসকলে মূৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক